গোপীনাথ বৰদলৈৰ স্মৃতিত লোক কল্যাণ দিৱস উদযাপন

  • আজি ইংৰাজী ৫ আগষ্ট  তাৰিখে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত   লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ স্মৃতিত 'লোক কল্যাণ দিৱস' টি উপায়ুক্তৰকাৰ্যালয় সভাকক্ষত উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত  সভাপতি আছিল জিলাৰ উপায়ুক্ত শ্ৰীঅনুপম চৌধুৰী  । অনুষ্ঠানত আমন্ত্ৰিত  অতিথি হিচাপে উপস্হিত থাকে  শ্ৰীপ্ৰদীপ বাক্সী,অৱসৰপ্ৰাপ্ত অধ্যাপক, হোজাই কলেজ, প্ৰঃ লখন পাটগিৰি, অৱসৰপ্ৰাপ্ত  ৰেজিষ্ট্ৰাৰ, আৰ এন টি ইউ,  আৰু জেষ্ঠ সাংবাদিক তোষেশ্বৰ তামুলী ফুকন।  অনুষ্ঠানৰআৰম্ভনিতে লোকপ্ৰিয় গোপীনাথ  বৰদলৈদেৱৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰি পুস্পাঞ্জলি অৰ্পন কৰে  উপায়ুক্ত শ্ৰীঅনুপম চৌধুৰীয়ে। অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু আন আমন্ত্ৰিত অতিথি সকলেও বৰদলৈদেৱৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতেঅতিৰিক্ত উপায়ুক্ত শ্ৰীমতী উৰ্মি মেধিয়ে আদৰণি ভাষণেৰে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি  উপস্হিত অতিথি সকলক  আদৰণি জনায়। সভাপতি ৰ ভাষণত উপায়ুক্ত গৰাকীয়ে গোপীনাথ বৰদলৈদেৱক  সোৱঁৰণ কৰি আজিৰ এই লোক কল্যাণ দিৱস'ৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত  বক্তা হিচাপে  আমন্ত্ৰিত অতিথি শ্ৰীপ্ৰদীপ বক্সী, শ্ৰী লখন পাটগিৰি আৰু শ্ৰীতোষেশ্বৰ তামুলী ফুকনে  গোপীনাথ বৰদলৈদেৱৰ কৰ্মজীৱনৰ ওপৰত চমু বক্তব্য আগবঢ়ায়।   আজিৰ এই দিৱসৰ অনুষ্ঠানত  দূজন বিভাগীয় কৰ্মচাৰীক ক্ৰমে  শ্ৰীকুশ কুমাৰ হাজৰিকা, জেঃ সঃ, জিলা কৃষি বিভাগ, হোজাই আৰু শ্ৰীসঞ্জয় কুমাৰ দাস, অগ্নি নিৰ্বাপক কৰ্মচাৰী, লামডিং অগ্নি নিৰ্বাপন আৰু আপদকালীন সেৱা কেন্দ্ৰ, হোজাই তেখেত সকলৰ কৰ্মজীৱনত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা বাবে  এখনি ফুলাম গামোচা আৰু এখনমানপত্ৰৰে সম্বৰ্ধনা জনায় জিলা উপায়ুক্ত  আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে।  আজিৰ সভাত আন  ব্যক্তি সকলৰ ভিতৰত আছে  অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী প্ৰাণজিৎ দুৱৰা, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, জিলা পৰিষদ, হোজাই, সভাপতি, পৌৰসভা, হোজাই,ডবকা,লংকা,লামডিং  আৰু বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগতে প্ৰশাসনৰ কৰ্মচাৰীবৃন্দ।